হৃদয়বিদাৰক! টেক্টৰত কঢ়িয়াই অনা কাঠৰ কুণ্ডা বাগৰি কিশোৰৰ কৰুণ মৃত্যু…

June 20, 2021 0 By Biraj Kalita

এক হৃদয় বিদাৰক ঘটনা।

টেক্টৰত কঢ়িয়াই অনা কাঠৰ কুণ্ডা বাগৰি এজন কিশোৰৰ মৃত্যু।

ৰঙিয়া দিপ্তেশ্বৰীত সংঘটিত হৈছে এই ঘটনা।

মৃত কিশোৰজন দিপ্তেশ্বৰী ২নং নকুলৰ নয়ন দাস বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে গছৰ কুণ্ডা ফলাৰ বাবে মৃত কিশোৰ জনৰ নিজৰ মোমায়েকে এখন টেক্টৰত উঠাইছিল গছৰ কেইবাটাও কুণ্ডা।

গছ ভৰ্তি কৰি টেক্টৰখনে পুঠিমাৰী নৈৰ মথাউৰিৰ পৰা নামিবলৈ লোৱাৰ সময়তে টেক্টৰখনৰ চালকৰ অজ্ঞাতে টেক্টৰৰ ট্ৰেইলাৰৰ পিচফালে নয়ন নামৰ কিশোৰগৰাকীয়ে উঠে। এনেদৰে উঠাৰ কিছু মুহূৰ্তৰ পিচতে মথাউৰিটোৰ এধলীয়া ঠাইত টেক্টৰখনৰ পৰা গছৰ কুণ্ডা সমূহ বাগৰি পৰে।

মুহূৰ্ততে কিশোৰজন গছৰ টুকুৰা সমূহৰ মাজত সোমাই পৰে।

লগে লগে কিশোৰজনক উদ্ধাৰ কৰি ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত আনে যদিও সংকটজনক অৱস্থাত পিচত ৰঙিয়া অসামৰিক চিকিসালয়লৈ নিয়া হয় যদিও চিকিৎসকে কিশোৰজনক মৃত বুলি ঘোষণা কৰে।

কিশোৰজনৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।