হৃদয়বিদাৰক! ৯ দিন পূৰ্বে বিবাহ-পাশত আৱদ্ধ হোৱা বোৱাৰীৰ প্ৰাণ ল’লে কৰ’ণাই, স্বামী চিকিৎসাধীন…

April 28, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

ইয়াৰ মাজতে ৰাজ্যত সংঘটিত হ’ল এক হৃদয় বিদাৰক ঘটনা।

৯ দিন পূৰ্বে বিবাহ-পাশত আৱদ্ধ হোৱা বোৱাৰীৰ প্ৰাণ ল’লে কৰ’ণাই।

মৃত বোৱাৰী গৰাকী বটদ্ৰৱাৰ চকলাঘাটৰ দৰঙ্গীয়াল গাঁৱৰ বনলক্ষী ভূঞা(২৮)।

কৰ’ণাত আক্ৰান্ত হৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল বোৱাৰীগৰাকী।

চকলাঘাট দৰঙ্গীয়ালৰ যাদৱ ভূঞা নামৰ লোক জনৰ লগত যোৱা ২০ এপ্ৰিলত যুগ্ম জীৱনৰ পাতনি মেলিছিল জাগীৰোডৰ বনলক্ষী ভূঞাই।

মৃত বনলক্ষী ভূঞাৰ স্বামী যাদৱ ভূঞাও ক’ভিডত আক্ৰান্ত হৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

লগতে চাওকঃ

মৰ্মান্তিক! নীলাক্ষী ভট্টাচাৰ্য্যৰ পাছতে ক’ভিডত প্ৰাণ গ’ল স্বামী কল্যাণ বৰুৱাৰ