হেকাৰৰ কৱলত জ্যোৰ্তিময় ৰয়; লুটি নিলে অৰ্ধ লক্ষাধিক টকা, এজাহাৰ দাখিল…

March 8, 2022 0 By Biraj Kalita

হেকাৰৰ কৱলত ধুবুৰীৰ শালকোচাৰ যুৱক জ্যোৰ্তিময় ৰয়।

SBI বেংকৰ একাউণ্টৰ পৰা হেকাৰে লুটি নিলে অৰ্ধ লক্ষাধিক টকা।

ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত শালকোচাৰ নিবাসী যুৱকজনে ঠগ-প্ৰৱঞ্চকৰ জালত পৰি হেৰুৱালে অৰ্ধ লক্ষাধিক টকা।

জানিব পৰা মতে, যোৱা ৫ মাৰ্চ তাৰিখে জ্যোতিৰ্ময় ৰয়ৰ ম’বাইলত এটা ফোনকল আহে আৰু নিজকে এছবিআইৰ গ্ৰাহকসেৱাৰ কৰ্মচাৰী বুলি পৰিচয় দি একাউণ্টৰ লগত ম’বাইল নম্বৰ সংযোগ কৰাৰ বাবে এটিএমৰ ক্ৰমিক নম্বৰ বিচাৰে। আৰু এটা এপ্ ডাউনলোড কৰিবলৈ নিৰ্দেশ দিয়ে।

কিন্তু এপটো ডাউনলোড কৰাৰ পিছতে নিজৰ একাউণ্টৰ পৰা দুবাৰকৈ টকা উলিওৱাৰ মেছেজ আহে ৰয়ৰ ম’বাইলত।

ৰয়ে ততাতৈয়াকৈ বেংক শাখা প্ৰৱঞ্চকৰ লগত যোগাযোগ কৰি আইটিচেলৰ লগত যোগাযোগ কৰে আৰু তাৰ পৰা প্ৰশাসনৰ নম্বৰ হোৱাটছ এপযোগে সম্পূৰ্ণ তথ্য প্ৰেৰণ কৰে।

পিছত মঙলবাৰে চাপৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে জ্যোতিৰ্ময় ৰয়ে।