‘হে আল্লা আমাক ৰক্ষা কৰা’! গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আল্লাৰ ওচৰত সমূহীয়া দোৱা…
July 16, 2021গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আল্লাৰ ওচৰত সমূহীয়া দোৱা ভুক্তভোগী ৰাইজৰ।
নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী দক্ষিন বৰপেটৰ কাছুমাৰাত গৰাখহনীয়াই ধাৰণ কৰিছে ভয়ংকৰ ৰূপ।
কাছুমাৰা-কাশিমপুৰ গাঁৱৰ শ-শ বিঘা মাটি ইতিমধ্যেই জাহ গ’ল ব্ৰহ্মপুত্ৰৰ বুকুত ,গৃহহীন হ’ল কেবা শতাধিক পৰিয়াল।
শিক্ষানুষ্ঠানকে ধৰি চৰকাৰী বহু অনুষ্ঠান-প্ৰতিষ্ঠান পৰ্যন্ত নিশ্চিহ্ন হ’ল গৰাখহনীয়াত।
চৰকাৰ-বিধায়কৰ নাই কানসাৰ, উপায়বিহীন হৈ নেদেখা জনৰ ওচৰত নৈৰ পাৰত খহনীয়া প্ৰতিৰোধৰ কামনাৰে গয়াই কৰিলে সমূহীয়া দোৱা।
আনহাতে কোৰানৰ কালিমা লিখি নৈৰ গৰাৰ তিনিটাকৈ স্থানত স্থাপন কৰিলে ঘৰ সজা ইটাৰ টুকুৰা।
সমান্তৰালকৈ খহনীয়া প্ৰতিৰোধৰ দিহা কৰিবলৈ চৰকাৰৰ জলসম্পদ বিভাগলৈও দুৰ্গত গয়াই জনালে কাতৰ আহ্বান।