হোলীৰ আনন্দৰ মাজতে ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত প্ৰাতঃভ্ৰমণলৈ যোৱা এজন লোক…

March 19, 2022 0 By Biraj Kalita

হোলীৰ মাজতে বকোৰ আগছিয়াৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাটোৰ ফলত থিতাতে কৰুণ মৃত্যু হয় এজন লোকৰ।

প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়তে এজন লোকক তীব্ৰ বেগেৰে আহি থকা এখন টাটা মেজিক বাহনে খুন্দা মৰাৰ ফলত থিতাতে লোকজনৰ কৰুণ মৃত্যু হয়।

পথ দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকজনৰ নাম চাদেক আলী(৪৮) বুলি চিনাক্ত কৰা হয়।

শোকাৱহ পথ দুৰ্ঘটনাটোৰ মৃত্যু হোৱা চাদেক আলীৰ ঘৰ বকোৰ আগছিয়াত।

দুৰ্ঘটনা সংঘটিত কৰা বাহনখন খনৰ নম্বৰ হৈছে এএছ-১৮-এচি-৩৫০০।

মেঘালয়ৰ আপাৰ ৰংপুৰৰ পৰা গুৱাহাটী অভিমুখে শাক-পাচলি লৈ গৈ আছিল দুৰ্ঘটনাগ্ৰস্ত বাহনখনে।

দুৰ্ঘটনাটোত মেজিক বাহনখনত থকা ৭ গৰাকী মহিলাও কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়।

পথ দুৰ্ঘটনাটোৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰে।