হৰ্ছ ট্ৰেডিঙ! মহাজোঁটৰ বিধায়ক বিজেপিলৈ গ’লে ৰাইজে তেওঁলোকক শুদাই নেৰিবঃ ৰিপুন বৰা

April 12, 2021 0 By Biraj Kalita

হৰ্ছ ট্ৰেডিঙৰ আশংকাত ভূগিছে কংগ্ৰেছ দল।

ইতিমধ্যে মহাজোঁটৰ অংশীদাৰ দল AIUDF আৰু BPFৰ দলীয় প্রার্থীসকলক ৰাজস্থান আৰু ছত্তিশগড়ৰ বিলাসী হোটেলত আবদ্ধ কৰি ৰাখিছে৷

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

তেওঁ কয়- বিজেপিৰ হর্ছ ট্রেডিঙৰ কবলত পৰি মহাজোঁটৰ কোনো বিধায়ক যদি বিজেপিলৈ যায়, সমষ্টিৰ ৰাইজে তেওঁলোকক শুদাই নেৰিব৷ সভাপতি বৰাই লগতে তেনে বিধায়কৰ ঘৰ–দুৱাৰ জ্বলাই ৰাইজে সাংঘাতিক অৱস্থা কৰিব৷

নির্বাচনৰ পাছত ৰাইজৰ অনুভূতিক প্রতাৰণা কৰিলে সাংঘাতিক পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলিও তেওঁ তাৎপর্যপূর্ণ মন্তব্য প্রকাশ কৰে বৰাই৷ সংবাদ মাধ্যমৰ আগত সভাপতি বৰাই অসমতো বিজেপিয়ে হর্ছ ট্রেডিং কৰাৰ আশংকা আছে বুলি উল্লেখ কৰি কয় যে বিজেপি হর্ছ ট্রেডিঙৰ মাষ্টৰ৷

গোৱাত বিজেপিয়ে হর্ছ ট্রেডিং কৰি চৰকাৰ গঠন কৰিলে৷ মধ্যপ্রদেশ, কর্ণাটকতো বিজেপিয়ে হর্ছ ট্রেডিং কৰি কংগ্রেছৰ চৰকাৰ ভাঙিলে৷ মণিপুৰতো হর্ছ ট্রেডিং কৰি চৰকাৰ কৰিলে৷ ৰাজস্থানতো হর্ছ ট্রেডিং কৰি বিজেপিয়ে চৰকাৰ কৰাৰ চেষ্টা কৰিছিল যদিও নোৱাৰিলে৷ অসমতো বিজেপিৰ এইবাৰ উপায় নাই৷ তেওঁলোকে যিকোনো পদ্ধতি ল’ব পাৰে৷ মহাজোঁটৰ বিধায়ক কিনি তেওঁলোকে চৰকাৰ কৰাৰ চেষ্টা কৰি আছে৷