১০০ৰ অধিক কৰ’ণা ৰোগী থকা জিলাত বন্ধ প্ৰাথমিক বিদ্যালয়ঃ হিমন্ত বিশ্ব শৰ্মা

April 17, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে অথি ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

কৰ’ণাৰ পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন।

সংবাদমেল সম্বোধন কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয়- ৰাজ্যৰ পৰিৱেশ পূৰ্বতকৈ জটিল হৈছে। বৰ্তমানলৈ ৪০৬৯জন কোভিড ৰোগী আছে। ২০ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ কোভিডৰ এভাৰেজ কেচ আছিল ৩৬টা প্ৰতিদিনে। ৩ এপ্ৰিলৰ পৰা ৯ এপ্ৰিললৈকে প্ৰতিদিনে পোৱা গৈছে ১৪৬টা কোভিড কেচ।

লগতে মন্ত্ৰী গৰাকীয়ে কয়- যিখনত জিলাতেই ১০০টা পজিটিভ কেচ আছে, তাত প্ৰাথমিক বিদ্যালয়সমূহ সমূহ বন্ধ হ’ব।অৰ্থাৎ ৫ম শ্ৰেণীলৈকে পাঠদান নহয়।

কামৰূপ মেট্ৰত আছে ১৮৬০, নগাঁৱত ১৪৪টা, যোৰহাটত ১৩৩, তিনিচুকীয়া ১৩১, কাচাৰাত ১২০টা আৰু শোণিতপুৰত ১১৯টা।

ডিব্ৰুগড়, কামৰূপ গ্ৰাম্যতো আছে ১০০ৰো অধিক কোভিড একটিভ কেচ।

উল্লেখ্য যে, শিক্ষা বিভাগে সকলো দায়িত্ব দিছে জিলা উপায়ুক্তক।

নিজৰ নিজৰ জিলাত ১০০তকৈ বেছি কোভিড একটিভ কেচ হ’লে প্ৰাথমিক বিদ্যালয় বন্ধ হ’ব।

১৮ এপ্ৰিলৰ পৰা এই নিয়ম প্ৰযোজ্য হ’ব।