১০ জন অখিল গগৈয়েও মোক মৰিয়নীত হৰুৱাব নোৱাৰেঃ ৰূপজ্যোতি কুৰ্মী

July 13, 2021 0 By Biraj Kalita

সদ্যপদত্যাগী কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুর্মীয়ে বিগত কেইদিনমান ধৰি সংবাদ শিৰোনাম দখল কৰি আহিছে

অসম বিধানসভাৰ উপ-নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে উদাত্ত হৈ পৰিছে ৰূপজ্যোতিৰ কণ্ঠ।

ৰূপজ্যোতি কুৰ্মীৰ দাবী- ১০ জন অখিল গগৈ, ১০ জন গৌৰৱ গগৈ, ১০ জন ৰকিবুল হুছেইন বা ১০ জন ৰিপুণ বৰা আহিলেও মৰিয়নী সমষ্টিত মোক হৰুৱাব নোৱাৰে।

কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা ৰূপজ্যোতি কুৰ্মীক উপ নিৰ্বাচনত জিকিবলৈ দিয়া নহ’ব বুলি অখিল গগৈৰ হুংকাৰৰ বিপৰীতে নিজৰ বিজয় নিশ্চিত বুলি দাবী কৰে কুৰ্মীয়ে।

লগতে তেওঁ কয়- সমষ্টিৰ ৰাইজৰ গৰিষ্ঠসংখ্যকে মোক ভোট দি আহিছে, এইবাৰো দিব। সেইবাবে এইবাৰো মইয়ে জয়ী হ’ম।