১০ দিনৰ ভিতৰত সাজু হৈ উঠিব ডাউন টাউন বিশ্ববিদ্যালয়ত স্থাপন কৰা ক’ভিড হাস্পতালঃকেশৱ মহন্ত

June 4, 2021 0 By Biraj Kalita

১০ দিনৰ ভিতৰত সাজু হৈ উঠিব ডাউন টাউন বিশ্ববিদ্যালয়ত স্থাপন কৰা ক’ভিড হাস্পতাল।

বৃহস্পতিবাৰে অসম ডাউন টাউন বিশ্ববিদ্যালয়ত স্থাপন কৰি থকা ৪০০খন বিছনাযুক্ত ক’ভিড হাস্পতালখন পৰিদৰ্শন কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।

চলিত বৰ্ষৰ ২১ মে’ত অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ মাজত সম্পাদিত হৈছিল এখন বুজাবুজিৰ চুক্তি।

উল্লেখযোগ্য যে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ ৪০০খন বিছনাযুক্ত হাস্পতালখনৰ ১০০খন আই চি ইউৰ বেডৰ লগতে থাকিব ৩০০খন অক্সিজেন সংযুক্ত বিছনা।

অনাগত ৫ বছৰলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে জৰুৰীকালীন অৱস্থাৰ সময়ত এই হাস্পতালখন ব্যৱহাৰ কৰিব পাৰিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।