১০ বছৰ আগতেই হ’ব লাগিছিল ড্রাগছ বিৰোধী অভিযানঃ জুবিন গাৰ্গ…

July 17, 2021 0 By Biraj Kalita

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান।

ৰাজ্যৰ চৌদিশে অসম আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে ড্ৰাগছৰ লগতে বিভিন্ন নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান।

চৰকাৰৰ এই ড্ৰাগছ বিৰোধী পদক্ষেপক প্ৰশংসা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ।

সংবাদ মাধ্যমৰ আগত কণ্ঠশিল্পীগৰাকীয়ে কয়, ‘নতুন চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে যি অভিযান হাতত লৈছে, সেয়া এক ডাঙৰ পদক্ষেপ। এইটো আচলতে ১০ বছৰ আগতেই হোৱা উচিত আছিল। হ’লেও এতিয়া আৰম্ভ হৈছে, এনে অভিযান সদায় চলিব লাগে।’

এই অভিযানৰ ফলত ড্ৰাগছৰ পৰা যুৱপ্ৰজন্মক আমি ৰক্ষা কৰিব পাৰিম বুলিও মন্তব্য কৰে জুবিন গাৰ্গে।

লগতে চাওকঃ

সাপ্তাহিক ৰাশিফলঃ ১৮ জুলাইৰ পৰা ২৪ জুলাইলৈ