১৪ যাত্ৰীসহ দ খাৱৈত পৰিল মেক্সিম’ বাহন

November 20, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বাক্সা জিলাৰ গোৰেশ্বৰৰ গেৰুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, কামৰূপ গ্ৰাম্যৰ কমলপুৰ মাজাৰৰ পৰা ফুলাজাৰলৈ গৈ থকা এএছ ২৫ ডি চি ৬২৭৫ নম্বৰৰ যাত্ৰীবাহী টাটা মেক্সিম’ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা দ খাৱৈত বাগৰি পৰে।

বাহনখনত পুৰুষ-মহিলাসহ শিশুকে ধৰি প্ৰায় চৈধ্য গৰাকী যাত্ৰী আছিল।

ইয়াৰে পুৰুষ দুজন, মহিলা ৯ জনী আৰু তিনিজন শিশু আছিল।

আটাইকেইজনৰে ঘৰ গোৰেশ্বৰ বাঙালীপাৰ ভোলাজাৰত বুলি জানিব পৰা গৈছে।

ইতিমধ্যে স্থানীয় ৰাইজৰ সহযোগত আহত আটাইকেইজনকে উদ্ধাৰ কৰি ১০৮ এম্বুলেঞ্চ সেৱা যোগে নাঁওকটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে।

ঘটনাস্থলীত গোৰেশ্বৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কাৰ্যত সহযোগ কৰে।

আহতসকলৰ নাম হৈছেঃ মেজিকৰ চালক ৰিংকু আলী (৩৮), ইয়াকুব আলী (৭২), তেওঁৰ পত্নী ফৰিজান বেগম (৬৫), মেৰিনা বেগম (৪৮), ইন্তাজুল আলী (৪২), জিলিমা বেগম (৪৫), সমীৰ আলী (৪੦), কলি বেগম (৪৮), ৰেহেনা বেগম (২৭), মঞ্জু বেগম (১৫), বিটেল আলী (৭) আৰু ৰুণু বেগম (৮)।

লগতে চাওকঃ

আপােনাৰ সাপ্তাহিক ৰাশিফল