১৫ অক্টােবৰত ড্ৰাই ডে’ ঘোষণা

October 10, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বিজয়া দশমীত ধুবুৰীত ‘ড্ৰাই দে’ ঘোষণা ধুবুৰী জিলা উপায়ুক্তৰ।

বিজয়া দশমী আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে অহা ১৫ আক্টোবৰৰ দিনটো ড্ৰাই দে ঘোষণা কৰিছে জিলা দণ্ডাধীশে।

এই সন্দৰ্ভত জাৰিকৰা এক নিৰ্দেশত কোৱা হৈছে যে, ড্ৰাই দে ঘোষণা কৰাৰ বাবে সেই দিনটোত সকলো সুৰাৰ পাইকাৰী গুডাম, হোটেল আৰু ক্লাৱত থকা সকলো বাৰ বিলাতী সুৰাৰ দোকান আৰু দেশীয় সুৰাৰ দোকানসমূহ বন্ধ থাকিব।

লগতে সুৰা বা আন নিচাযুক্ত পনীয় বিক্ৰী বিতৰণৰ লগত মজুত ৰখা সেৱন কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

এই নিৰ্দেশ অমান্য কৰা জনক আবকাৰী আইন আৰু বিধিমতে শাস্তি বিহা হ’ব বুলি জিলা দণ্ডাধীশৰ স্বাক্ষৰিত এখন নিৰ্দেশনাত উল্লেখ কৰা হৈছে।