১৫ জুনৰ পৰা নিৰ্বাচিত জিলাত সান্ধ্য আইনৰ শিথিলতাৰ সম্ভাৱনা…
June 12, 2021১৫ জুনৰ পৰা ৰাজ্যৰ নিৰ্দিষ্ট জিলাত সান্ধ্য আইনৰ ক্ষেত্ৰত শিথিলতা অনাৰ সম্ভাৱনা।
যিবোৰ জিলাত কৰ’ণা আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে তেনে জিলাত শিথিলতা অনা হ’ব।
অৱশ্যে এনে ১০ জিলা আছে, য’ত কৰোনা আক্ৰান্তৰ সংখ্যা যোৱা ১১টা দিনত এহাজাৰৰো অধিক হৈছে। সেইবোৰ জিলাত বৰ্তমানৰ নিয়ম বলৱত্ থাকিব।
নিৰ্বাচিত জিলাত সান্ধ্য আইন আৰম্ভ হ’ব বিয়লি ৪ বজাৰ পৰা।
২ বজাপৰ্যন্ত খোলা থাকিব দোকান-পোহাৰ। কামৰূপ মহানগৰত প্ৰযোজ্য হ’ব এই নিয়ম।
কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, নগাওঁ, শোণিতপুৰত প্ৰযোজ্য নহ’ব এই নিয়ম।
এই ৫খন জিলাতে বৰ্তমানৰ এছ অ’ পি বাহাল থাকিব।
আনহাতে মৰিগাঁও, গোলাঘাট, বৰপেটা আৰু বিশ্বনাথত শিথিলতাৰ সম্ভাৱনা ক্ষীণ।