১৫ ডিচেম্বৰত সৰ্বসাধাৰণ কেৱ চালকৰ আমৰণ অনশন!

December 13, 2020 0 By NEWS DESK

১৫ ডিচেম্বৰl গুৱাহাটীত বন্ধ থাকিব অ’লা উবেৰ সেৱা।

সোমবাৰে আমৰণ অনশন কাৰ্যসূচী সাব্যস্ত কৰাৰ কথা ঘোষণা কৰিছে সৰ্বসাধাৰণ কেৱ চালকসকলে।

এক গোঁহাৰীত লিখা হৈছে যে, চালক-মালিক সকলে অলা আৰু উবেৰ-য়ে তেওঁলোকৰ ওপৰত কৰা শোষণ আৰু লুন্ঠনৰ প্ৰতিবাদত এই অনশন কাৰ্যসূচী হাতত লোৱা হৈছে।

দীঘলীপুখুৰীত অ’লা-উবেৰ চালকে অনশন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।

তেওঁলোকে এই গোঁহাৰীত দাবীসমূহো উল্লেখ কৰি দিছে। ভাৰাৰ নিৰিখ নিৰ্ধাৰণ কৰিব লাগে, কোম্পানীৰ কমিছন ১০ শতাংশলৈ হ্ৰাস কৰিব লাগে, গাড়ীখনত বুকিং লগা ঠাইৰ পৰা মিটাৰ আৰম্ভ হ’ব লাগে, কোনো গুৰুতৰ অভিযোগ প্ৰমাণ নোহোৱাকৈ চালকৰ একাউণ্ট বন্ধ কৰিব নোৱাৰিব বুলি দাবী উত্থাপন কৰিছে।