১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকে মহতিয়াই নিলে বাইক আৰোহীক, থিতাতে নিহত এজন…

March 8, 2022 0 By Biraj Kalita

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে এজন যুৱকৰ।

মঙলদৈ চহৰত পুৱাই সংঘটিত শোকাৱহ দুৰ্ঘটনা।

মঙলদৈ চহৰৰ মাজেৰে যোৱা ১৫ নং ৰাষ্ট্রীয় ঘাইপথতে ঘটে এইটো শোকাৱহ দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে মৃত্যু হয় অতুল নাথ নামৰ এজন ৩২ বছৰীয়া যুৱকৰ।

এখন বাইক আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে মৃত্যু ঘটে যুৱকজনৰ।

মৃত অতুল নাথৰ ঘৰ টিয়াঝাৰত।

দুৰ্ঘটনা সংঘটিত কৰা AS 01 AC 7374 নম্বৰৰ ট্ৰাকখন মঙলদৈ আৰক্ষীয়ে জব্দ কৰিছে।