১৫ নং ৰাষ্ট্ৰীয় পথত দুৰ্ঘটনা, থিতাতে নিহত এজন

September 7, 2021 0 By NEWS DESK

নিউজ ডেস্ক। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টোভঙাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত দুখন বাহন মাজত ভয়ংকৰ দুৰ্ঘটনা।

জাইলো আৰু লুনা মটৰচাইকেলৰ মাজত ভয়ংকৰ সংঘৰ্ষ।

সংঘৰ্ষত থিতাতে নিহত মটৰচাইকেলখনৰ চালক চতীয়াৰ আব্দুল হালম বুলি জানিব পৰা গৈছে।

সংঘৰ্ষত পতিত হোৱা জাইলো খনৰ নম্বৰ এএছ ২২এ ৯৬৬৯ আৰু লুনা মটৰচাইকেলখনৰ নম্বৰ এএচ ১২ ৱাই ৯৬২১।

অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ পৰা তীব্ৰ বেগেৰে অহা জাইলো গাড়ীখনে প্ৰথমতে মটৰচাইকেলখনক খুন্দিয়াই পথৰ কাষতে ৰৈ থকা আন এখন বাহনতাে খুন্দা মাৰে।