১৫ ৰ পৰা ২০ জুলাইৰ ভিতৰত হ’ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাঃ মুুখ্যমন্ত্ৰী

June 10, 2021 0 By Biraj Kalita

মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ‘চৰকাৰে জুলাই মাহৰ মাজভাগত পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা চিন্তা কৰি আছে।’

অৰ্থাৎ ১৫ ৰ পৰা ২০ জুলাইৰ ভিতৰতে হ’ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে অসমৰ অধিকাংশ অভিভাৱকে পৰীক্ষা পতাৰ ক্ষেত্ৰত সহমত। আনহাতে অসমৰ কেইবাটাও ছাত্ৰ সংগঠনেও পৰীক্ষা পতাৰ ক্ষেত্ৰত সহাৰি প্ৰদান কৰিছে।

শিক্ষা বিভাগে জুলাইৰ মাজ ভাগত পৰীক্ষা পতাৰ ব্যৱস্থা কৰিব। লগতে কভিড নিয়ম মানি পৰীক্ষা পতাৰ ব্যৱস্থা কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।