১৬ তাৰিখে অসম জাতীয় পৰিষদত যোগদান কৰিব লুৰিণজ্যোতি গগৈয়ে!
December 14, 2020১৬ তাৰিখে অসম জাতীয় পৰিষদত যোগদান কৰিব লুৰিণজ্যোতি গগৈয়ে।
শিৱসাগৰত অনুষ্ঠিত হব লগা অসম জাতীয় পৰিষদৰ অভিৱৰ্তনত আনুষ্ঠানিকভাৱে যোগদান কৰিব লুৰিণে।
পানবজাৰ স্থিত হোটেল প্ৰাগ কণ্টিনেণ্টেলত অনুষ্ঠিত এক সংবাদমেলতেই এই কথা ঘোষণা কৰে লুৰিণজ্যোতি গগৈয়ে।
লুৰিণ জ্যোতি গগৈয়ে কয়- ‘অসম জাতীয় পৰিষদৰ নেতৃত্বৰ আহ্বানৰ প্ৰতি সন্মান জনাই সকলো দিশৰ বিশিষ্ট ব্যক্তিৰ সৈতে আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছো। নিস্বাৰ্থ জাতীয়তাবাদ আগুৱাই নিয়াৰ উদ্দেশ্যেই মই এই নতুন যাত্ৰা আৰম্ভ কৰিব বিচাৰিছো। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সহযোগিতাৰে মই এই যাত্ৰাত কৃতকাৰ্যতা লাভ কৰিব পাৰিম বুলি আশাবাদী।’
জাতিৰ সংকটৰ সময়ত দিল্লীৰ শাসকৰ চকুত চকু থৈ জাতীয়তাবাদৰ ধ্বজা আগন্তুক সময়ত উৰুৱাম বুলিও উল্লেখে কৰি গগৈয়ে কয়- ‘২০২১ত অসমত হব জাতীয়তাবাদৰ চৰকাৰ।’
উল্লেখ্য যে চলিত বৰ্ষৰে বিগত নৱেম্বৰ মাহত আছুৰ সাধাৰণ সম্পাদক পদৰ পৰা ইস্তফা দিছিল লুৰিণে। আৰু আজি এজেপিট যোগদান কৰাৰ কথা ঘোষণা কৰে।