১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত এজন চালক…

June 23, 2021 0 By Biraj Kalita

কামৰূপৰ বকোত ভয়ংকৰ পথ দুৰ্ঘটনা।

বকো থানাৰ অন্তৰ্গত বন্দাপাৰাত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।

যাৰ ফলত থিতাতে নিহত হয় এজন চালক।

জানিব পৰা মতে, ৰাষ্ট্ৰীয় ঘাইপথৰে জখলাবন্ধালৈ গৈ থকা এএচ-১২/৬৮৩৬ নম্বৰৰ ছুইফ্ট ডিজিয়াৰ খনৰ লগতে বিপৰীত দিশৰ পৰা এএচ-০১/এএল-০৬৬৮ নম্বৰৰ মাৰুতি চেভাৰলেট বাহন খনৰ মুখামুখি সংঘৰ্ষ হয়।

ফলত জখলাবন্ধালৈ গৈ থকা গাড়ীখনে পথৰ দাঁতিৰ পানীৰে ভৰিথকা দ গাঁত এটাত বাগৰি পৰে।

স্হানীয় ৰাইজে গাড়ীখনৰ ভিতৰত থকা লোকসকলক উলিয়াবলৈ সক্ষম হয় যদিও গাড়ীখনৰ চালক নৃপেন তাচা(৪০)ৰ থিতাতে মৃত্যু হয়।

আনহাতে গাড়ীখনত থকা মল্লিকা হাজং নামৰ মহিলাগৰাকী গুৰুতৰ ভাৱে আহত হয়। মহিলাগৰাকীক চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। জানিবপৰা মতে মল্লিকা হাজংৰ ঘৰ জখলাবন্ধাত।

মহিলাগৰাকীয়ে পুত্ৰ মহেশ হাজংসহ গোৱালপাৰা জিলাৰ ধুপধৰাৰ ভণীয়েকৰ ঘৰৰ পৰা ঘৰলৈ গৈ থাকোতে দুৰ্ঘটনা সংঘটিত হয়।