১৭ ডিছেম্বৰত অনুষ্ঠিত হ’ব তিৱা স্বায়ত্ত শাসিত পৰিষদ নিৰ্বাচন!

December 15, 2020 0 By NEWS DESK

 ১৭ ডিছেম্বৰত অনুষ্ঠিত হ’ব তিৱা পৰিষদীয় নিৰ্বাচন।

শাসক-বিৰোধীৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকলৰ তুংগত উঠিছে প্ৰচাৰ অভিযান।

সেই উদ্দেশ্যে ১৭ ডিচেম্বৰ তাৰিখে তিৱা স্বায়ত্ত শাসিত পৰিষদৰ চাৰি জিলাত ক্ৰমে নগাঁও, মৰিগাঁও, হোজাই আৰু কামৰূপ মহানগৰ জিলা বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ।

উল্লেখ্য যে নগাঁও, মৰিগাঁও, হোজাই আৰু কামৰূপ মহানগৰৰ আংশিক অঞ্চলত সৰ্বমুঠ ৩৬টা সমষ্টি আছে।

৪ খন জিলাতে মুঠ ভোটাৰৰ সংখ্যা ৭৮,১৮০গৰাকী।

ভোটাৰৰ ভিতৰত আছে ৩৮,৩৬০জন পুৰুষ আৰু ৩৯,৮২০ গৰাকী মহিলা।

১৭ ডিচেম্বৰ পুৱা ৭:৩০ৰ পৰা সন্ধিয়া ৪:৩০ বজালৈ চলিব ভোটদান প্ৰক্ৰিয়া।

১৭ তাৰিখে ভোটগ্ৰহণ সমাপন হৈ ১৯ ডিচেম্বৰৰ পুৱা ৮বজাৰ পৰা আৰম্ভ হ’ব ভোট গণনা প্ৰক্ৰিয়া।

কামপুৰ মহানগৰৰ সোণাৰাম উচ্চতম মাধ্যমিক বিদ্যালয়ত থাকিব ষ্ট্ৰং ৰূম।