১ আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত হ’ব মেট্ৰিক-উচ্চতৰ মাধ্যমিক পৰীক্ষা…
June 8, 2021মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত হোৱা নোহাৱাক লৈ চলি থকা চৰ্চাৰ মাজতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে গুৰুত্বপূৰ্ণ ঘোষণা।
আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত হ’ব মেট্ৰিক-উচ্চতৰ মাধ্যমিক পৰীক্ষা।
জনতা ভৱনত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি, বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্র সন্থা, কামৰূপ মহানগৰ জিলা উপায়ুক্তৰে পৰীক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ এই মন্তব্য কৰে।
শিক্ষামন্ত্ৰীগৰাকীয়ে কয়- ‘পৰম্পৰাগত পদ্ধতিৰে নহয় সংকুচিত বিষয়ত সংকুচিত নম্বৰৰ সৈতে ক’ভিড প্ৰটোকল মানি পৰীক্ষা অনুষ্ঠিত কৰিম।’
শিক্ষামন্ত্ৰী গৰাকীয়ে অসমত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাহিৰে অন্য কোনো বিকল্প নাই বুলি মন্তব্য কৰে।
লগতে শিক্ষামন্ত্ৰী গৰাকীয়ে ৫ ছেপ্তেম্বৰৰ ভিতৰত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব বুলিও মন্তব্য কৰে।
উল্লেখ্য যে, পৰীক্ষা কিদৰে অনুষ্ঠিত হ’ব সেই সন্দৰ্ভত অহা ১০ দিনৰ ভিতৰত চূড়ান্ত বিধি প্ৰকাশ পাব বুলিও সদৰি কৰে মন্ত্ৰীগৰাকীয়ে।