১.৪৮ কোটি টকাৰ বিদ্যুৎ বিল অনাদায়, পৌৰ সভাৰ বিদ্যুৎ সংযােগ কৰ্তন বিদ্যুৎ বিভাগৰ

July 16, 2021 0 By NEWS DESK

নিউজ ডেস্ক। চৰকাৰে বিদ্যুৎ বিল পৰিশোধ নকৰা সকলৰ বিৰুদ্ধে লৈছে কঠোৰ পদক্ষেপ। বিল পৰিশোধ নকৰা লোকৰ বিদ্যুৎ কৰ্তন কৰাৰ পৰা চৰকাৰী কৰ্মচাৰীক দৰমহা নিদিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে।

ইয়াৰোপৰি বিল পৰিশোধ নকৰা চৰকাৰী বিভাগৰ কাৰ্যালয়ৰ বিদ্যুৎ কৰ্তনৰো নিৰ্দেশ দিছে বিদ্যুৎ বিভাগ তথা চৰকাৰে।

সেই অনুসৰি বিদ্যুৎ বিভাগে তেনে লোক বা বিভাগৰ বিৰুদ্ধে লৈছে কঠোৰ পদক্ষেপ। কৰ্তন কৰিছে বিদ্যুৎ সেৱা।

ঠিক তেনেদৰে এইবাৰ বিদ্যুৎ বিভাগৰ বলি হল কৰিমগঞ্জ পৌৰ নিগম। অন্ধকাৰ দিশে কৰিমগঞ্জ চহৰ। প্ৰায় ১.৪৮ কোটি টকাৰ বিদ্যুৎ বিল পৰিশোধ নকৰাৰ বাবে বিদ্যুৎ বিভাগে কৰ্তন কৰে বিদ্যুৎ সেৱা।

পৌৰ নিগমৰ অধীনত এলেকাৰ ষ্ট্ৰীট লাইট আৰু টাৱাৰ লাইটৰ সংযোগ কৰ্তন কৰে বিভাগে। পৌৰ নিগমক বিল পৰিশোধ কৰিবলৈ সতৰ্ক কৰি বুধবাৰে বিদ্যুৎ বিভাগে কৰ্তন কৰে চোৰ বজাৰ অঞ্চলৰ ষ্ট্ৰীট লাইটৰ সংযোগ। যদিহে তাৎক্ষণিকভাৱে বিল পৰিশোধ নকৰে তেন্তে সমগ্ৰ চহৰৰ বিদ্যুৎ কৰ্তন কৰা হব বুলি জানিবলৈ দিয়ে বিভাগে।

এই সন্দৰ্ভত বিদ্যুৎ বিভাগৰ মাণ্ডলিক বিষয়া অংকৰ নাথে কয়, “পৌৰ সভাক কেইবাবাৰো এই বিষয়ে অৱগত কৰিছিলো। শেহতীয়াকৈ তেওঁলোকক ১৫ দিনৰ সময়সীমায়ো দিছিলো। কিন্তু তেওঁলোকে কোনো সহাঁৰি নজনালে। সেয়েহে এই পদক্ষেপ লোৱা হয়। তেওঁলোকে পুনৰ সহাঁৰি নজনালে সমগ্ৰ চহৰৰ ষ্ট্ৰীট লাইটৰ বিদ্যুৎ সেৱা কৰ্তন কৰা হ’ব।”

তাৰ বিপৰীতে পৌৰ সভাৰ কাৰ্যবাহী বিষয়া বিক্ৰম চাচাই কয় যে, “মই কেইদিনমানৰ পূৰ্বে ইয়াত যোগদান কৰিছো। মই বিশেষ নাজানো। উপায়ুক্তৰ লগত মই এই বিষয়ে আলোচনা কৰিছো। সোনকালেই এই বিল পৰিশোধ কৰা হ’ব। বিল পৰিশোধৰ বাবে ধন সংগ্ৰহৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।”

আনহাতে অনুৰূপ ঘটনা শিলচৰ পৌৰ নিগমৰ ক্ষেত্ৰতো। শিলচৰ পৌৰ নিগমেও বাকী আছে বৃহৎ পৰিমাণৰ বিদ্যুৎ বিল পৰিশোধ কৰিবলৈ। সেয়েহে পৌৰ নিগমৰ অধীনৰ বিদ্যুৎ সেৱা বিদ্যুৎ বিভাগে কৰ্তন কৰিবলৈ চিন্তা কৰে। কিন্তু এই কথা পৌৰ নিগম কৰ্তৃপক্ষই জানিব পাৰি আলোচনাত মিলিত হয় বিদ্যুৎ বিভাগৰ সৈতে। জানিব পৰা মতে শিলচৰ পৌৰ সভা কৰ্তৃপক্ষই কিস্তি হিচাপে নিজৰ বিল পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে বিদ্যুৎ বিভাগক।