২০২১-২২ বৰ্ষৰ বাজেট সন্দৰ্ভত কি ক’লে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে…

July 16, 2021 0 By Biraj Kalita

২০২১-২২ বৰ্ষৰ বাজেট দাখিল কৰিলে অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে।

বাজেট সন্দৰ্ভত অসন্তুষ্ট প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

অখিল গগৈয়ে কয়- বাজেটত যি বিষয়ত আটাইতকৈ গুৰুত্ব দিব লাগিছিল তাক নিদিলে, ক’ভিড পৰিস্থিতি আৰু লকডাউনৰ ফলত মানুহৰ জীৱন জীৱিকা ধ্বংস হৈ গ’ল, কিন্তু এই সাধাৰণ লোকসকলক লৈ বিশেষ ব্যৱস্হা গ্ৰহণ লৰা দেখা নগ’ল।

জেটখনৰ কেইবাঠাইটো কভিড,লকডাউন শব্দটো ব্যৱহাৰ কৰা হৈছে যদিও কেৱল শব্দৰ মায়াজাল হে গাঠিঁলে বুলি মন্তব্য অখিলৰ।

অখিল গগৈয়ে কয়- ক’ভিড পৰিস্হিতিক বুজি নাপালে বাজেটে।ক’ভিড ভেকচিন কেতিয়া দি শেষ কৰিব তাক ঠিৰাং কৰিব নোৱাৰিলে। ক’ভিড ভেকচিন, কভিডৰ ক্ষতিগ্ৰস্তৰ ক্ষতিপূৰণে বিশেষভাৱে স্হান পাব লাগিছিল।

ইপিনে গুৱাহাটীৰ মানুহ উচ্ছেদ নহয় মুখ্যমন্ত্ৰীয়ে পট্ৰা দিম বুলি কোৱাক লৈ অত্যন্ত সুখী অখিল গগৈ। তেওঁ কয়- মোৰ বাবে এই দিনটো অতি স্মৰণীয় হৈ ৰ’ব।

শিৱসাগৰৰ তাই যাদু ঘৰটো পুনৰ নিৰ্মাণৰ বাবে লোৱা পদক্ষেপৰ বাবে অখিল গগৈয়ে ধন্যবাদ জনায় বিত্তমন্ত্ৰীক।কিন্তু শিৱসাগৰত মেডিকেল কলেজ স্হাপনৰ প্ৰতিশ্ৰুতি নিদিয়াৰ বাবে ক্ষোভ প্ৰকাশ কৰে অখিল গগৈয়ে।

অখিল গগৈয়ে কয়- ‘এখন হতাশ জনক বাজেট, মানুহক সন্তুষ্ট কৰিব পৰা বাজেট নহয়। পুৰণি বটলত নতুন মদ এই বাজেট। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে মধ্যবৃত্তক সন্তুষ্ট কৰিব নোৱাৰে এই বাজেটে।’