২০ আৰু ২১ মাৰ্চত পৰ্যটকৰ বাবে বন্ধ থাকিব ওৰাং ৰাষ্ট্ৰীয় উদ্যান…

March 11, 2022 0 By Biraj Kalita

একেৰাহে দুদিন পৰ্যটকৰ বাবে বন্ধ থাকিব ওৰাং ৰাষ্ট্ৰীয় উদ্যান।

আগন্তুক ২০ আৰু ২১ মাৰ্চ তাৰিখে ওৰাং ৰাষ্ট্ৰীয় উদ্যান সাধাৰণ পৰ্যটকৰ বাবে বন্ধ থাকিব।

মঙলদৈ বন্যপ্ৰাণী সংমণ্ডলৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক নিৰ্দেশনা অনুসৰি, বাৰ্ষিক গঁড় পিয়লৰ নিৰূপণৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক ২০ আৰু ২১ মাৰ্চ তাৰিখে ওৰাং ৰাষ্ট্ৰীয় উদ্যান সাধাৰণ পৰ্যটকৰ বাবে বন্ধ থাকিব।

এই সময়চোৱাত ৰাষ্ট্ৰীয় উদ্যানখনৰ চাৰিসীমাৰ ভিতৰত পৰ্যটকক প্ৰৱেশৰ অনুমতি দিয়া নহ’ব বুলি বন বিষয়াৰ কাৰ্যালয়ৰ পৰা জানিবলৈ দিয়া হৈছে।

নিৰ্দেশনা মতে ২২ মাৰ্চ তাৰিখে ৰাষ্ট্ৰীয় উদ্যানখন পুনৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব।