২১ জুলাইত উদযাপন কৰা হ’ব ঈদ-উল-আজহাঃ কেন্দ্ৰীয় হিলাল কমিটি অসম…
July 13, 2021২১ জুলাইত উদযাপন কৰা হ’ব ঈদ-উল-আজহা।
সংবাদ মাধ্যমক এই কথা সদৰি কৰিছে কেন্দ্ৰীয় হিলাল কমিটি, অসমে।
কেন্দ্ৰীয় হিলাল কমিটি, অসমৰ সভাপতি মৌলানা ফখৰুদ্দিন আহমদ কাছিমী আৰু সম্পাদক প্ৰধান আলহাজ ইমদাদ হুছেইন স্বাক্ষৰিত প্ৰেছ বিজ্ঞপ্তিটোত ভাৰতবৰ্ষৰ আন আন ঠাইৰ লগতে অসমতো ২১ জুলাইত পবিত্ৰ ঈদ-উল-আজহা উদযাপন কৰা হ’ব বুলি জানিবলৈ দিয়ে।
উক্ত প্ৰেছ বিজ্ঞপ্তিটোৰ জৰিয়তে কেন্দ্ৰীয় হিলাল কমিটি, অসমৰ তৰফৰ পৰা ৰাজ্যবাসীলৈ ঈদ-উল-আজহাৰ আগতীয়াকৈ শুভেচ্ছাও জ্ঞাপন কৰা হৈছে।
উল্লেখ্য যে, ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ বাবেও এইবাৰো ঈদৰ সমূহীয়া নামাজ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ক্ষীণ।