২১ মে’ৰ পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিবেশন…

May 17, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা।

কৰ’ণাৰ ভয়াৱহতাৰ মাজতে অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিবেশন।

২১ মে’ৰ পৰা অসম বিধানসভাৰ অধিবেশন।

প্রথম দিনাই নৱনিৰ্বাচিত ১২৬ বিধায়কে ল’ব শপত।

এই অধিবেশনতেই নিৰ্বাচিত কৰা হ’ব বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ।

তৃতীয় দিনা ৰাজ্যপালৰ ভাষণৰ ওপৰত হ’ব আলোচনা।