২১ লাখ টকাসহ আৰক্ষীৰ জালত আগৰ কাঠৰ ব্যৱসায়ী…

June 13, 2021 0 By Biraj Kalita

সান্ধ্য আইনৰ মাজতে লক্ষ লক্ষ টকা উদ্ধাৰ হৈছে নগাঁৱৰ কলিয়াবৰত৷

ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ সময়তে নগাঁৱৰ কলিয়াবৰত ২১ লাখ টকাসহ অগৰু কাঠ উদ্ধাৰ হৈছে৷

কলিয়াবৰ মহকুমাৰ মিছাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত শুক্ৰবাৰে বিয়লি এখন বলেৰ’ গাড়ীৰ পৰা এই বৃহৎ পৰিমাণৰ ধনৰাশিৰ লগতে মূল্যবান আগৰ কাঠৰ টুকুৰা উদ্ধাৰ হয়।

হোজাইৰ পৰা দেৰগাও অভিমুখী এএছ-০৩-এএ-০২৪৪ নম্বৰৰ ব’লেৰ বাহনখনৰ পৰা উদ্ধাৰ হয় এই বৃহৎ পৰিমাণৰ ধনৰ লগতে মূল্যবান আগৰ কাঠখিনি।

জানিব পৰা মতে উদ্ধাৰ হোৱা টকাৰ মুঠ পৰিমাণ ২১ লাখ ৩৭ হাজাৰ ৮০০ টকা।

বলেৰ’খন জব্দ কৰাৰ লগতে গাড়ীখনত থকা গোলাঘাট জিলাৰ নাহৰণিৰ মিণ্টু আলী(৩৫), আমিৰুদ্দিন(৩৭) আৰু ডবকাৰ দক্ষিণ বেলুৱাটিৰ শ্বাকজিল আলমক(১৭) গ্ৰেপ্তাৰ কৰে৷

বিষয়টোৰ সন্দৰ্ভত কলিয়াবৰ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।