২৩ বছৰীয়া যুৱতী সন্ধানহীন, এজাহাৰ দাখিল

November 30, 2021 0 By NEWS DESK

নিউজ ডেস্ক। গোৱালপাৰা জিলাৰ লক্ষীপুৰত নিদানপুৰ দ্বিতীয় খণ্ডৰ হবিবুৰ ৰহমান কন্যা অহেলা খাতুন (২৩) যোৱা ২৫ তাৰিখৰ পৰা সন্ধানহীন হৈ আছে।

জানিব পৰা মতে, অহেলা খাতুনে যোৱা ২৫ নৱেম্বৰৰ ৰাতিপুৱাৰ ৮ মান বজাত লক্ষীপুৰৰ থানামুখৰ এজন লোকৰ ঘৰত কাম কৰিবলৈ ওলাই গৈছিল।

কিন্তু কাম সামৰি ঘৰলৈ উভতি নহাত চিন্তিত হৈ পৰে পৰিয়ালৰ লোক।

পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰে যদিও যুৱতিগৰাকীৰ কোনো সন্ধান উলিয়াব নোৱাৰি লক্ষীপুৰ আৰক্ষী চকীত ঘটনা সম্পৰ্কে এটি গোচৰ দাখিল কৰে যুৱতীগৰাকীৰ পৰিয়ালে।

কোনোবা সদাশয় ব্যক্তিয়ে যদি যুৱতীগৰাকীৰ সন্ধান লাভ কৰে তেনেহ’লে ৯৯৫৪৩-৫৫৯৩১ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ওচৰ-চুবুৰীয়াই।