২৫টা শব্দৰ এটা চুটি গল্পই কৰিলে অসম বুক অৱ ৰেকৰ্ডছ, এতিয়াই পঢ়ক…
June 14, 2021২৫টা শব্দৰ এটা চুটি গল্পই কঢ়িয়াই আনিছে এক বিৰল সন্মান।
গল্পটোৰ জৰিয়তে নাম উজলালে লখিমপুৰ ডিম্পল হাজৰিকাই।
২৫টা শব্দৰ এই বিশেষ গল্পটোৱে অসম বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে।
লখিমপুৰৰ লালুকৰ বৈষ্ণপুৰ গাঁৱৰ ধৰ্মকান্ত হাজৰিকা আৰু প্ৰয়াত মাতৃ ৰুণজুন হাজৰিকাৰ কণ্যা ডিম্পল হাজৰিকাই লিখি উলিওৱা ২৫ টা শব্দ ‘উপহাৰ’ নামৰ এটা গল্প লিখি অসম বুক অৱ ৰেকৰ্ড কৰিবলৈ সক্ষম হয়।
বৰ্তমান উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত অধ্যয়ণ কৰি থকা ডিম্পলে ২৫ টা শব্দৰ ভিতৰত লিখি উলিওৱা গল্প ভাগ হৈছে –
‘উপহাৰ’
অন্ধকাৰ জীৱনৰ পৰিসমাপ্তি ঘটায় জ্ঞান সাগৰত জাহাজ চলাই প্ৰাচুৰ্যৰ সৌধ সাজি সি হৈ পৰিল এজন সফল ব্যক্তি। সফলতাৰ অন্তত মাক-দেউতাকৰ শ্ৰমৰ উপহাৰ দিলে- বৃদ্ধাশ্ৰম’।
উল্লেখ্য যে, আৰ্থিক ভাৱে পিছপৰা ডিম্পল হাজৰীকাই আৰু ২খন গল্প পুথি লিখি ফেচবুকৰ জৰিয়তে ৰাইজৰ মাজলৈ উলিয়াই দিছে যদিও আৰ্থিক অনাটনৰ বাবে গ্ৰন্থ হিচাপে প্ৰকাশ কৰিবলৈ সক্ষম হোৱা নাই।