২৫ জুলাইত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ, অংশ ল’ব কেইবাটাও চৰকাৰী কাৰ্যসূচীত…

July 20, 2021 0 By Biraj Kalita

২৫ জুলাইত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

অসম ভ্ৰমণৰ সময়চোৱাত কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

মঙলবাৰে এখন সংবাদমেলত গৃহমন্ত্ৰী গৰাকীৰ ভ্ৰমণৰ কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

গৃহমন্ত্ৰী অমিত শ্বাহে দুদিনীয়া ভ্ৰমণসূচীৰে অহা ২৪ জুলাইত শ্বিলঙত উপস্থিত হ’ব।

শ্বিলঙত তেওঁ উত্তৰ-পূবৰ ৰাজ্য কেইখনৰ মুখ্যমন্ত্ৰীৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব।

মুখ্যমন্ত্ৰী কেইগৰাকীৰ উপস্থিতিত গৃহমন্ত্ৰী শ্বাহে উত্তৰ-পূবৰ উন্নয়ন, ড্ৰাগছ-মানৱ সৰবৰাহ, আইন শৃংখলা আদি বিষয় সন্দৰ্ভত আলোচনা কৰিব।

ইয়াৰ পিছতে ২৫ জুলাইৰ বিয়লি গুৱাহাটীত উপস্থিত হ’ব অমিত শ্বাহ।

গৃহমন্ত্ৰী শ্বাহে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত অসম চৰকাৰৰ কেইবাখনো আঁচনিৰ শুভাৰম্ভণি কৰিব।

ইয়াৰ উপৰি বি টি আৰ চুক্তি অনুসৰি তামুলপুৰত স্থাপন হ’বলগীয়া আদৰ্শ চিকিৎসা মহাবিদ্যালয়খনৰো আধাৰশিলা স্থাপন কৰিব গৃহমন্ত্ৰীগৰাকীয়ে।

গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পৰাই এই সকলোবোৰ কাৰ্যসূচীত অংশ ল’ব।