২৫ ফেব্ৰুৱাৰীত বটদ্ৰৱা থানলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ!

February 14, 2021 0 By Biraj Kalita

সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন।

বিধানসভাৰ নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা বাঢ়িছে প্ৰতিটো ৰাজনৈতিক দলৰ মাজত।

২৫ ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানত গুৰুজনাৰ সৃষ্টি কলা-সংস্কৃতি সংৰক্ষণৰ বাবে অসম চৰকাৰে এশ অষ্টাশী কোটি টকা অনুমোদন দিয়া প্ৰকল্পৰ নিৰ্মাণ কাৰ্য্যৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব অমিত শ্বাহে।

প্ৰকল্প নিৰ্মাণ হ’বলগীয়া স্থানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত হৈ বটদ্ৰৱাৰ জনসাধাৰণক উদ্দ্যেশি এখন ৰাজহুৱা সভাতো ভাষণ ৰাখিব।

এই সন্দৰ্ভত দেওবাৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকা সন্ধিয়া বটদ্ৰৱা থানত উপস্থিত হৈ থান পৰিচালনা সমিতিৰ লগত এক আলোচনাত মিলিত হয়।

বিজেপি চৰকাৰ শাসনলৈ অহা প্রথম কালচোৱাতে এক সু-পৰিকল্পিনাৰে এই প্ৰকল্প গ্রহণ কৰা বুলি উল্লেখ কৰে ৰাজ্যিক স্বাস্ব্যমন্ত্ৰী গৰাকীয়ে।

মন্ত্ৰীগৰাকীয়ে বটদ্ৰৱা প্ৰকল্পস্থলী পৰিদৰ্শন কালত বিধায়িকা আঙুৰলতা ডেকা, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে সংগ দিয়ে।