২৬ ডিচেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ!

December 24, 2020 0 By NEWS DESK

অহা ২৬ ডিচেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

যাৰ বাবে এতিয়া ৰাজ্যিক বিজেপিয়ে চলাইছে পূৰ্ণগতিত প্ৰস্তুতি।

আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰত গৃহমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিব এখন বিশাল জনসভা।

বৃহস্পতিবাৰে উক্ত স্থানত উপস্থিত হৈ প্ৰস্তুতিৰ সন্দৰ্ভত বুজ লয় ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।

দুয়োগৰাকী বিষয়াই উক্ত সভাস্থলীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নিশা কটাবলগীয়া অতিথি গৃহও পৰিদৰ্শন কৰি নিৰপত্তাৰ সন্দৰ্ভত বুজ লয।