২ আৰু ৩ মে’ তাৰিখে ৰাজ্যত বন্ধ থাকিব সকলো সুৰাৰ বিপনী…

April 29, 2021 0 By Biraj Kalita

২ মে’ত কৰা হ’ব অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা।

ভোটগনণাৰ দিনটোৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে দুদিনৰ বাবে ড্ৰাই ডে’ ঘোষণা কৰিছে।

যাৰ পৰিপ্ৰেক্ষিতত অহা ২ মে’ আৰু ৩ মে’ তাৰিখে ৰাজ্যত বন্ধ থাকিব সকলো সুৰাৰ বিপনী।

ৰাজ্যৰ আবকাৰী বিভাগে আজি এই সন্দৰ্ভত সকলো জিলাৰ উপাযুক্ত আৰু মহকুমাধিপতিসকলৰ লগতে জিলা সমূহৰ আৱকাৰী অধীক্ষকলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে।

অৱশ্যে এই নিৰ্দেশণাত উল্লেখ কৰা মতে যি কেইখন জিলাত ইয়াৰ অন্তৰ্গত সকলো বিধান সভা সমষ্টিৰ ভোট গণনা তথা নিৰ্বাচনী ফলাফল ঘোষণা প্ৰক্ৰিয়া অহা ৩ মে’ আগবেলা ১১ বজাৰ পূৰ্বেই সম্পূৰ্ণ হ’ব, সেই সমূহ জিলাত ৩ মে’ৰ দিনা ড্ৰাই ডে’ৰ নিৰ্দেশনা প্ৰযোজ্য নহ’ব।