২ বছৰীয়া সন্তানসহ মহিলা- যুৱতী নিৰুদ্দেশ
July 24, 2021নিউজ ডেস্ক। এটি ২ বছৰীয়া শিশুসহ এগৰাকী মহিলা তথা যুৱতী নিৰুদ্দেশ হােৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে গহপুৰত।
নিৰুদ্দিষ্ট বোৱাৰী-যুৱতীগৰাকী ওদালগুৰি জিলাৰ টংলা ৰে’লৱে ষ্টেচনৰ পৰা নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।
নিৰুদ্দিষ্ট মহিলাগৰাকীৰ নাম পূৰ্ণিমা বড়াে। এই মহিলাগৰাকী গহপুৰ মহকুমাৰ অধীনৰ অন্তৰ্গত হাৱাজান আৰক্ষী চকী আওনীবাৰী গাঁৱৰ ৰাজীৱ দলেৰ পত্নী।
আনহাতে, নিৰুদ্দিষ্ট যুৱতীগৰাকী হৈছে ৰাজীৱ দলেৰ ভনীয়েক নীতুমণি দলে।
পৰিয়াল সূত্ৰই সদৰি কৰা মতে, যোৱা ১২ জুলাই তাৰিখে শিশুসহ দুয়াে গহপুৰ খোলাবাৰী চেণ্টাৰলৈ ওলাই গৈছিল।
তাৰ পিছৰে পৰা তেওঁলােকৰ কােনাে সন্ধান নাই।
এই সন্দৰ্ভত গহপুৰ মহকুমাৰ অন্তৰ্গত হাৱাজান আৰক্ষী থানত এখন এজাহাৰ দাখিল কৰে ৰাজীৱ দলে।
কোনো লোকে যদি পত্নী, সন্তানসহ ভনীয়েকৰ সম্ভেদ পায় তেনেহ’লে স্থানীয় আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনাইছে ৰাজীৱ দলেই।