৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন বাহনৰ মাজত সংঘৰ্ষ
July 14, 2021নিউজ ডেস্ক। বজালীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা।
বজালীৰ ধুমাৰকুৰৰ সমীপত সংঘটিত হ’ল এখন যাত্ৰীবাহী বাছে পিছফালৰ পৰা খুন্দিয়ালে ৱেগান-আৰ বাহনত।
এএছ-০১-এজেড-২৯২০ নম্বৰৰ ৱেগনাৰ আৰু এএছ-২৬-চি-৩০১৯ নম্বৰ বাছৰ মাজত প্ৰচণ্ড সংঘৰ্ষ।
তীব্ৰ বেগী ‘দেৱ শক্তি’ নামৰ আলট্ৰা বাছ এখনে ৱেগনাৰ বাহনখনক পিছফালৰ পৰা প্ৰচণ্ড যোৰে খুন্দা মাৰে।
সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও বাহন দুখনৰ যথেষ্ট অংশ ক্ষতি হয় বুলি জানিব পৰা গৈছে।