৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুই বাইক আৰোহী
July 26, 2021নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই বাইক আৰােহীৰ।
এই ঘটনা সংঘটিত হ’ল বোকাজানত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত।
জানিব পৰা মতে, বোকাজান আৰক্ষী চকীৰ অন্তৰ্গত টলবালিজানত নিশা প্ৰায় ১২ মান বজাত সংঘটিত হয় এই পথ দুৰ্ঘটনা।
ঘটনাৰ বিৱৰণী অনুসৰি, নিশা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এএছ-০৫চি-৩৬১৯ নম্বৰৰ বালি কঢ়িওৱা ট্ৰাকৰ পিছফালে এনএল ০৭ এম ৭৪৮৮ নম্বৰৰ এখন স্প্লেণ্ডৰ বাইকে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।
দুৰ্ঘটনাত নিহত হোৱা যুৱক দুজন হৈছে বালিপথাৰৰ বিমল হানছে আৰু প্ৰকাশ তেৰাং বুলি জানিব পৰা গৈছে।
পৰৱৰ্তী সময়ত যুৱক দুজনৰ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।