৩ দিনীয়া কাৰ্য্যসূচীৰে ৰাজ্যত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ!
January 27, 2021৩ দিনীয়া কাৰ্য্যসূচীৰে ৰাজ্যত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ।
২৯, ৩০ আৰু ৩১ জানুৱাৰী তাৰিখে তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ।
মাধৱ সংস্কৃতি ন্যাসৰ উদ্যোগত শ্ৰী শ্ৰী বটদ্ৰৱা থানত অনুষ্ঠিত হ’ব এই মহোৎসৱ।
এই মহোৎসৱত হাজাৰৰো অধিক লোকৰ সমাগম হব বুলি মন্তব্য কৰিছে শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ পৰিচালনা কমিটিয়ে।
এই মহোৎসৱত ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ বিভিন্ন শিল্পী, সাহিত্যক, গৱেষক আদিয়ে অংশগ্ৰহণ কৰিব।
লগতে এই মহোৎসৱতে মহাপুৰুষ শংকৰদেৱৰ বিৰচিত ১০ খন ভাওনা পৰিৱেশিত হ’ব।