৩ যুৱক উঠি অহা বাইকৰ খুন্দা পথত ৰখাই থােৱা ট্ৰাকত, ২ জনৰ মৃত্যু

August 11, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক শোকাৱহ পথ দুৰ্ঘটনা।

পথত ৰখাই থোৱা মিনি ট্ৰাকত খুন্দা মাৰে তিনি আৰোহী উঠি অহা দ্ৰুতবেগী মটৰ চাইকেলে। যাৰ ফলত থিতাতে নিহত হয় দুজন যুৱকৰ।

তাৰ বিপৰীতে গুৰুতৰ ভাৱে আহত হয় এজন।

এই ঘটনা যোৱা দেওবাৰে বিয়লি সংঘটিত হয় কাছাৰৰ সোনাই-কাবুগঞ্জ পথত।

ঘটনা অনুসৰি, দেওবাৰে বিয়লি ৩ মান বজাত কাবুগঞ্জ দিশৰ পৰা এখন মটৰ চাইকেলত উঠি আহিছিল তিনি যুৱক।

মটৰ চাইকেলখন আহি আছিল দ্ৰুতবেগত। কিন্তু সোনাইৰ নগদিগ্ৰাম ট্ৰাই জংচনৰ সমীপত ৰৈ থকা এখন মিনি ট্ৰাকত পিছফালৰ পৰা খুন্দা মাৰে মটৰ চাইকেলখনে। যাৰ ফলত নিহত হয় দুজন যুৱকৰ।

লগে লগে ঘটনাস্থলীত উপস্থিত হয় স্থানীয় লোক। স্থানীয় লোকে যুৱক কেইজনক উদ্ধাৰ কৰে যদিও দুজন যুৱক থিতাতে নিহত হয় বুলি জানিবলৈ দিয়ে।

আনহাতে এজন যুৱকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে। নিহত যুৱক দুজনক টিটন দাস, বিশাল ধাম বুলি জানিব পৰা যায়।

দুয়োজনৰ বয়স আছিল ২০ বছৰ। আনহাতে আহত যুৱক জনক শংকৰ নাথ বুলি জানিব পৰা যায়।

স্থানীয় লোকে এই দুৰ্ঘটনাৰ অভিযোগ কৰি কয় যে পথৰ ওপৰত অবৈধভাৱে গাড়ী পাৰ্কিং কৰাৰ ফলত এনে দুৰ্ঘটনা সংঘটিত হবলৈ পায়।

এই ঘটনাৰ শোক প্ৰকাশ কৰে সোনাই সমষ্টিৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাই।