৩ সন্তানৰ মাতৃ সন্ধানহীন, স্বামীৰ এজাহাৰ

September 2, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বিজনীৰ চাউৰাঙত চাৰিদিন ধৰি এগৰাকী ৩২ বছৰীয়া বোৱাৰী তথা তিনি সন্তানৰ মাতৃ সন্ধানহীন হোৱা খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ধাৰলৈ অনা টকা ঘূৰাই দিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈ ২৮ আগষ্টৰ পৰা সন্ধানহীন হৈ আছে ৰেখা ৰায় নামৰ মহিলাগৰাকী।

ঘটনা সন্দৰ্ভত স্বামী তৰুণ ৰায়ে পাণবাৰী থানাত এখন এজাহাৰ দাখিল কৰিছে।

কিন্তু প্ৰায় ১৭ বছৰ আগতে বিবাহপাশত আবদ্ধ হোৱা তথা তিনিটা পুত্ৰ সন্তাৰ এগৰাকী মাতৃ কি কাৰণত ক’ত পলাই গৈছে ইয়াকে লৈ ৰহস্যৰ সৃষ্টি হৈছে।

আনফালে দ্বিতীয় শ্ৰেণীত অধ্যনৰত ৭ বছৰীয়া কনিষ্ঠ পুত্ৰকলৈ চিন্তিত হৈ পৰিছে স্বামী তৰুণ ৰায়।

এই সংক্ৰান্তত কোনো সদাশয় লোকে কিবা শুংসূত্ৰ পালে ৭৮৯৬৪-৭৪৯৭৪ নম্বৰত যোগাযোগ কৰাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে স্বামী তৰুণ ৰায়ে।