৪৮ ঘণ্টা ধৰি লুইতৰ বুকুত সন্ধানহীন প্ৰদীপ, পুত্ৰক বিচাৰি লুইতৰ পাৰত পিতৃৰ হিয়া ভঙা কান্দোন…
June 13, 202148 ঘন্টাৰ পাছতো সন্ধান নাই লুইতত সন্ধানহীন প্ৰদীপ হাজৰিকাৰ।
নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰিত গৰাখহনীয়া প্ৰতিৰোধী কৰ্মত নিয়োজিত আছিল প্ৰদীপ হাজৰিকা নামৰ ২২ বছৰীয়া প্ৰদীপ হাজৰিকা।
বিগত, ১১ জুনত কৰ্মৰত অৱস্থাতে এখন নৌকাৰ পৰা পিছলি ব্ৰহ্মপুত্ৰত পৰি গৈছিল যুৱকজন৷
বুধবাৰে, মাজুলীৰ শালমৰাৰ পৰা পুত্ৰৰ সন্ধান বিচাৰি বনপুৰৈ-জামুগুৰিত উপস্থিত হয় পিতৃ।
একমাত্ৰ পুত্ৰৰ মুখখন চাবলৈ লুইতৰ পাৰত হিয়া ঢাকুৰি কান্দিছে পিতৃ নগেন হাজৰিকাই।
ইফালে, ঘটনাস্থলীত উপস্থিত হৈ নিৰুদিষ্ট যুৱকজনৰ পিতৃক গভীৰ সমবেদনা জনোৱাৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোৰ লগত চৰকাৰ সদায় থাকিব বুলি আশ্বাস প্ৰদান কৰে বিহপুৰীয়াৰ বিধায়ক ড৹ অমীয় কুমাৰ ভূঞাই।
দুৰ্ভগীয়া পিতৃ গৰাকীৰ একমাত্ৰ শ্ৰমিক পুত্ৰ সন্তানগৰাকী এইদৰে লুইতৰ বুকুত সন্ধানহীন হৈ থকাত ৰাজ্যৰ জল সম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই ১ লাখ টকা বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই ৫০ হাজাৰ টকা আৰু শিমলুগুৰি জিলা পৰিষদৰ সদস্যা দিপালী বনিয়াইয়ো কিছু আৰ্থিক সাহায্য প্ৰদান কৰিছে।