৪ টা হস্তনিৰ্মিত বন্দুক, ৩ টা দুষ্প্ৰাপ্য কাছসহ দুই চোৰাং চিকাৰীক আটক বন বিভাগৰ

August 4, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যত অব্যাহত আছে দুষ্প্ৰাপ্য বন্যপ্ৰাণীৰ চােৰাং সৰবৰাহ। এইবাৰ ৪ টা হস্তনিৰ্মিত পিষ্টলসহ বন বিভাগৰ জালত পৰিল দুটা চােৰাং চিকাৰী।

জানিব পৰা মতে, চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী দুৰ্গম অঞ্চলত বন বিভাগে গােপন সূত্ৰত ভিত্তিত অভিযান চলাইছিল।

পুৱা জিলাখনত ভাৰত-ভূটান সীমান্তৰ ১৮২ নম্বৰ পিলাৰৰ পাৰ্শ্বৱৰ্তী ‘শ্ৰীলংকা’ নামৰ বন্য এলেকাত এক অভিযান চলোৱা হয় এই অভিযান।

জিলা বন বিষয়া ব্ৰহ্মানন্দ পাতিৰৰ নেতৃত্বত যোৱা অভিযানকাৰী দলটোৱে উক্ত অঞ্চলত এটি কেম্প দেখা পায়।

পাছত অভিযানকাৰী দলটোৱে উক্ত কেম্পত নিশা আশ্ৰয় গ্ৰহণ কৰি বন্য প্ৰাণী চিকাৰী কাৰ্য চলোৱা দুটা দুৰ্ধৰ্ষ চিকাৰীক আটক কৰে।

আটকাধীন চােৰাং চিকাৰী দুটা হ’ল চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত ১নং দাৰাঙাৰ গেলেন্দা গয়াৰী ওৰফে বিজয় (৪২) আৰু শুক্লেশ্বৰ বসুমতাৰীক (১৯)।

পাছত বন বিভাগৰ দলটোৱে চোৰাং চিকাৰীদ্বয়ৰ পৰা ৪টা হস্ত নিৰ্মিত বন্দুকসহ তিনিটা কাছ উদ্ধাৰ কৰে।

ধৃত চোৰাং চিকাৰীদ্বয়ৰ বিৰুদ্ধে বন্য আইনৰ অধীনত গােচৰ ৰুজু কৰিছে বন বিভাগে।