৫০ লাখ টকাৰ সোণসহ মহানগৰ আৰক্ষীৰ জালত দুজন…

June 15, 2021 0 By Biraj Kalita

গুৱাহাটী মহানগৰীত আৰক্ষীৰ অভিযানত জব্দ হ’ল বৃহৎ পৰিমানৰ সোণ।

৫০ লাখ টকা মূল্যৰ সোণৰ বিস্কুট, মুদ্ৰা আৰু চেইন জব্দ।

গুৱাহাটীৰ ভৰলুমুখত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ সোণসহ ৮ লাখ টকা জব্দ কৰিবলৈ সক্ষম হয়।

এখন চাৰিচকীয়া বাহনত অভিযান চলাই উদ্ধাৰ কৰে সোণখিনি।

আৰক্ষীয়ে জনোৱা মতে নগাঁৱৰ পৰা গুৱাহাটীলৈ অনা হৈছিল সোণখিনি।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে মনোজ চাহ আৰু আমান আলী নামৰ দুজন লোকক।

সম্প্ৰতি পশ্চিম গুৱাহাটী জিলা আৰক্ষীয়ে সমস্ত ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।