৬ বছৰীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হʼল শিক্ষক

November 29, 2021 0 By NEWS DESK

নিউজ ডেস্ক। দৰং জিলাৰ ছিপাঝাৰৰ হাজৰিকাৰপাৰাত ছাত্ৰীক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হ’ল শিক্ষক।

৬ বছৰীয়া ছাত্ৰীগৰাকীক নিৰ্যাতন চলোৱাৰ অভিযোগ শিক্ষকগৰাকীৰ বিৰুদ্ধে।

এই ঘটনা দৰঙৰ হাজৰিকাপাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ।

লম্পট শিক্ষকজনৰ নাম কুশেশ্বৰ বৰা।

বিদ্যালয়তে প্ৰলোভন দি ছাত্ৰীগৰাকীক যৌন উৎপীৰণ চলোৱাৰ চেষ্টা শিক্ষকজনৰ।

ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে ছিপাঝাৰ আৰক্ষী থানাত ঘটনা সম্পৰ্কে এজাহাৰ দাখিল কৰিছে।

আৰক্ষীয়ে গােচৰ ৰুজু কৰি লম্পট শিক্ষক কুশেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে।