৬ বাংলাদেশী অনুপ্ৰৱেশকাৰীক আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে স্বদেশলৈ প্ৰেৰণ

October 6, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা ৬ জনকৈ বাংলাদেশী নাগৰিকক পুনৰ স্বদেশলৈ প্ৰেৰণ।

জানিব পৰা মতে, ৰাজ্যৰ বিভিন্ন কাৰাগাৰ তথা ডিটেনশ্যন কেম্পত বন্দী হৈ থকা ৬ জন বাংলাদেশীক প্ৰত্যৰ্পণ কৰা হয় বাংলাদেশৰ সীমান্তৰক্ষীক।

সুতাৰকান্দি স্থল শুল্ক বন্দৰেদি ছিলেট জিলাৰ বিয়ানী বজাৰৰ শেওলা শুল্ক বন্দৰলৈ নি বাংলাদেশীকেইজনক চমজাই দিয়া হয়।

সীমান্ত সুৰক্ষা বাহিনীৰ সপ্তম বেটেলিয়নৰ সহযোগত কৰিমগঞ্জৰ সীমান্ত আৰক্ষীয়ে শেওলা শুল্ক কাৰ্যালয়ত নি ব’ৰ্ডাৰ গাৰ্ড বাংলাদেশ (বি জি বি) আৰু বাংলাদেশ আৰক্ষীৰ হাতত অৰ্পণ কৰে।

অবৈধভাৱে বিভিন্ন সময়ত সীমান্ত অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰি আৰক্ষী আৰু বিএছএফৰ হাতত ধৰা পৰি ৪/৫বছৰ ধৰি কাৰাগাৰত বন্দী হৈ থকাৰ পিছত চৰকাৰী নীতি-নিয়ম মানি নিজ দেশলৈ ওভতাই পঠিওৱা হয়।

৬ গৰাকী বাংলাদেশীৰ মাজত ৫ গৰাকী পুৰুষ আৰু এগৰাকী মহিলা।

বাংলাদেশী কেইজনৰ নাম হ’ল হামিৰোল ইছলাম, ইব্ৰাহিম, হাবিব মুল্লা, আলন খান ওৰফে চাইদুল ইছলাম, কামাল হুছেইন আৰু জাহানাৰা বেগম।