৭০ লক্ষাধিক টকাৰ অৰুণাচলী সুৰাসহ কন্টেইনাৰ ট্ৰাক জব্দ
February 24, 2022শোণিতপুৰৰ বালিপৰাত আবকাৰী বিভাগৰ অভিযানত ৭০ লক্ষাধিক টকাৰ অৰুণাচলী সুৰাসহ কণ্টেইনাৰ ট্ৰাক জব্দ।
এএছ ০১ এনচি৪৯২৫ নম্বৰৰ কণ্টেইনাৰখনত অৰুণাচল প্ৰদেশৰ ইটানগৰৰ পৰা নামচাইলৈ গৈ থকা অৱস্থাত এটা গোপন সূত্ৰ পম খেদি আবকাৰী বিভাগে জব্দ কৰে বাহনখন।
বাহনখনৰ পৰা আবকাৰী বিভাগে ১,১৬৪ কাৰ্টন অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।