৭ খনলৈ বৃদ্ধি অসমত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা, দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি…

June 9, 2021 0 By Biraj Kalita

ৰাজ্য বাসীৰ বাবে এক ভাল খবৰ।

অসমত ৭খনলৈ বৃদ্ধি পালে ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা।

শেহতীয়াকৈ দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি ৰাজ্য চৰকাৰৰ।

গুৱাহাটীৰ পাঞ্জাবাৰীৰ অৰণ্য ভৱনত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই এক সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰাইমনাক ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি প্ৰদান কৰিছিল ৰাজ্য চৰকাৰে।

বিশ্ব পৰিৱেশ দিৱসৰ দিনা ৰাইমাক এই স্বীকৃতি প্ৰদান কৰা হৈছিল।

৪২২ কিলোমিটা সৰ্বমুঠ মাটিকালি আছে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ।

১৫০ বিধ ভিন্ন প্ৰজাতিৰ পখিলা, ১৭০ বিধ পক্ষী পোৱাৰ লগত ৩৮০ বিধ ভিন্ন প্ৰজাতিৰ উদ্ভিদ পোৱা যায় ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত।

উল্লেখ্য যে, দেশত ১০৫খন ৰাষ্ট্ৰীয় উদ্যান আছে।

অসমত পূৰ্বে ৫খন ৰাষ্ট্ৰীয় উদ্যান আছিল আৰু নতুনকৈ ২খন ঘোষণা কৰা হ’ল।

ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত দ্বিতীয় স্থাপত আছে অসম।