৭ খন জিলাক বাদ দি বাকী সমূহত বুধবাৰৰ বিয়লি ৪বজাৰ পৰা প্ৰযোজ্য হ’ব নতুন নিয়মঃ মুখ্যমন্ত্ৰী

July 10, 2021 0 By Biraj Kalita

ক’ভিড নীতিত শিথিলতা প্ৰদানৰ ইংগিত প্ৰদান কৰিছে ৰাজ্য চৰকাৰৰ।

৭ খন জিলাক বাদ দি বাকী সমূহত বুধবাৰৰ বিয়লি ৪বজাৰ পৰা প্ৰযোজ্য হ’ব নতুন নিয়ম।

সংবাদমেলত এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শৰ্মাই কয়, ‘গোৱালপাৰা, গোলাঘাট, যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আৰু মৰিগাঁৱত এতিয়া পৰিস্থিতি চিন্তনীয়। এই জিলা কেইখনৰ বাহিৰে বাকী সকলোবোৰ জিলা ৩ বজালৈ খোলা ৰখাৰ অনুমতি দিয়া হ’ব। এই জিলা সমূহত সান্ধ্য আইন বিয়লি ৪ বজাৰ পৰা প্ৰযোজ্য হ’ব’।

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ক’ভিড এছ অ’ পি অহা মঙলবাৰৰ ভিতৰত প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে।

আনহাতে গুৱাহাটী মহানগৰত সান্ধ্য আইন ৫ বজাৰ পৰাই চলি থকাৰ সম্ভাৱনা আছে।