৭ জুনৰ পৰা গুৱাহাটীত কাৰ্ফিউ শিথিলকৰণৰ ইংগিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

June 3, 2021 0 By Biraj Kalita

৭ জুনৰ পৰা আৰম্ভ হ’ব পাৰে UNLOCK প্ৰক্ৰিয়া।

নতুন দিল্লীত এক সংবাদমেল আয়োজন কৰি এই ইংগিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

গুৱাহাটীত ক্ৰমান্বয়ে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা কমি অহাত সান্ধ্য আইন শিথিল কৰাৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই।

ড০ শৰ্মাই কয়- ‘কালি গুৱাহাটীত আক্ৰান্তৰ সংখ্যা তিনিশ আছিল। যদি শুক্ৰ, শনিবাৰৰ ভিতৰত ই দুশৰ ঘৰ পায়, তেতিয়া আমি অলপ শিথিল কৰিব পাৰিম।’

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যদিও ১৫ জুনক লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰা হৈছিল, তথাপি আক্ৰান্তৰ সংখ্যা হ্ৰাস পালে ৭ জুনৰ পৰা কাৰ্ফিউ শিথিলকৰণৰ কথা চিন্তা কৰিব পৰা যাব।