৭ মাহৰ অন্তঃসত্বা প্ৰেমিকাক এৰি পলায়ন কৰা লম্পটক বাংগালোৰৰ পৰা গ্ৰেপ্তাৰ আৰক্ষীৰ
November 29, 2021নিউজ ডেস্ক। প্ৰেমৰ ছলনাৰে যুৱতীক যৌন নিৰ্যাতন চলোৱা ইটাখোলাৰ লম্পট যুৱকক বাংগালোৰৰ পৰা গ্ৰেপ্তাৰ কৰিলে চতীয়া আৰক্ষীয়ে।
জামুগুৰিহাটৰ ডিকুৱা চাহ বাগিচাৰ অন্তৰ্গত আহুবাৰীৰ এগৰাকী আদিবাসী যুৱতীক প্ৰেমৰ ছলনাৰে গাঁওখনৰে ৰাজু দাস নামৰ লম্পট এজনে ৭ মাহৰ অন্তঃসত্বা কৰি থৈ পলাই যায়।
উল্লেখযোগ্য যে উক্ত যুৱতীগৰাকীক যৌন নিৰ্যাতন সন্দৰ্ভত ইটাখোলা আৰক্ষী চকীত গোচৰ পঞ্জীয়ন হৈছে।
কিন্তু আৰক্ষীয়ে লম্পটটােক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত সফল নােহােৱাত যোৱা ২১ নৱেম্বৰত আটছা, আন্তঃৰাষ্ট্ৰীয় হিন্দু বজৰং দল আৰু সংগঠনে ইটাখোলা আৰক্ষী চকীৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰি ২৪ ঘণ্টাৰ ভিতৰত যদি ইটাখোলা আৰক্ষীয়ে উক্ত লম্পট যুৱকক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেন্তে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে।
ইয়াৰ পাছতে আৰক্ষীয়ে অতি ক্ষিপ্ৰতাৰে অভিযুক্ত ৰাজু দাসৰ অনুসন্ধান কৰি শনিবাৰে নিশা বিশ্বনাথৰ চতীয়া আৰক্ষীৰ এটা দলে বাংগালোৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
অভিযুক্ত ৰাজু দাসক আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।