৭ লক্ষাধিক টকাসহ আৰক্ষীৰ অভিযানত আটক পাঁচজন…

March 14, 2022 0 By Biraj Kalita

৭ লক্ষাধিক টকাসহ আৰক্ষীৰ অভিযানত আটক পাঁচজন।

শোণিতপুৰৰ বালিপৰাত সাত লক্ষাধিক টকাসহ পাঁচজন লোকক চাৰিদুৱাৰ আৰক্ষীয়ে আটক কৰাৰ লগতে দুখন গাড়ী জব্দ কৰে।

বালিপৰাৰ দৈনিক তালাচী চকীত সাত লক্ষাধিক টকাসহ গাড়ী দুখন জব্দ কৰা হয়।

উল্লেখ্য যে, চাৰিদুৱাৰ আৰক্ষীয়ে মিছন চাৰিআলিৰ দিশৰ পৰা এ এছ ০৭ এছ- ১৪২৯ নম্বৰৰ অল্ট’ গাড়ীত নকল সোণ আৰু বৃহৎ পৰিমাণৰ নগদ ধন লৈ অহাৰ গোপন সম্ভেদ লাভ কৰিছিল।

সেই অনুসৰি চলোৱা অভিযান সময়তে বালিপৰাৰ পৰা কিছু নিলগত উক্ত গাড়ীখন আৰক্ষীৰ দলে জব্দ কৰে।

আনহাতে আৰক্ষীৰ জেৰাত গাড়ীখনৰ পৰা ধৃত নকল সোণ ব্যৱসায়ীকেইটাই নগদ সাত লক্ষাধিক টকা লৈ আন এজন লোক যাত্রীবাহী বাছত আহি থকা বুলি স্বীকাৰোক্তি দিয়ে।

সেই অনুসৰি আৰক্ষীয়েও অভিযান চলাই এ এছ বি চি-১৩৩৯ নম্বৰৰ আল্টা বাছখনৰ পৰা সাত লক্ষাধিক টকাসহ লোকজনক আটক কৰে।

আৰক্ষীয়ে আটক কৰা লোককেইজন হ’ল- আইনুল হক, নজৰুল ইছলাম, মফিজুৰ ৰহমান, জইনউদ্দিন আৰু লুটফুৰ হুছেইন।

সৰবৰাহকাৰীকেইটাই জানিবলৈ দিয়া মতে, বাইহাটা চাৰিআলিৰ পুঠিমাৰীত পশ্চিমবংগৰ এজন লোকক নকল সোণৰ বিস্কুট বিক্ৰী কৰি উক্ত ৭ লাখ ৪১ হেজাৰ টকা আনিছিল।